Calendar কেলেণ্ডাৰ

শান্তনু ৰৌমূৰীয়া, চিত্ৰনাট্য, কেলেণ্ডাৰ

 

অৱশেষত সিদিনা হিমজ্যোতিৰ লগত বহি ‘কেলেণ্ডাৰ’ চালো। চিনেমাখনৰ লগত জড়িত বাকীখিনি সদস্যই ইতিমধ্যে চিনেমাখন লগে ভাগে চালে। অসমৰ বাহিৰত থকা বাবেই মই চিনেমাখনৰ দৃশ্যগ্রহণৰ সময়তো থাকিম বুলি ভাৱিও থাকিব নোৱাৰিলো আৰু এতিয়া বাকীসকলৰ লগত একেলগে চাব নোৱাৰি মনটো অকমান বেয়া লাগিছিল। সেই বাবেই সুবিধা পাই সিদিনা গুৱাহাটীৰ পেনপেনীয়া বৰষুণৰ মাজতে হিমজ্যোতিক গৈ আমনি কৰিলো। ভৰিৰ বিষত ভালকৈ খোজ কাঢ়িব নোৱাৰা অৱস্থাত থাকিও সি লাল চাহ আৰু মুড়ি খুৱালে । লগতে ‘কেলেণ্ডাৰ’ খনো দেখুৱালে। ইয়াৰ আগতেও অৱশ্যে মই হিমজ্যোতিক ‘কেলেণ্ডাৰ’ৰ কামতে কষ্ট বা আমনি দি থৈছো।

কাহিনীটো শুনি ভাল লাগি প্রথমবাৰতেই (২০১৬ চনৰ মাজভাগত) যেতিয়া হিমজ্যোতিক চিনেমাখনৰ লগত জড়িত হৈ থাকিম বুলি কথা দিছিলো, তেতিয়া মই ভৱা নাছিলো হিমজ্যোতিয়ে অনতি পলমে কাম আৰম্ভ কৰিব বুলি। কিন্তু নিজে ইতিমধ্যে লিখি থোৱা দৃশ্যকেইটা মোলৈ পঠিয়াই যেতিয়া হিমজ্যোতিয়ে মোক ইয়াৰ পিছৰ পৰা চিত্রনাট্যখন আগবঢ়াবলৈ ক’লে তেতিয়াহে মই বিপদত পৰিছিলো। যি কি নহওক, নিজৰ এলাহ মন আৰু বাকী কামৰ মাজত সুৰুঙা উলিয়াই আৰম্ভ হ’ল হিমজ্যোতি আৰু মোৰ দীঘলীয়া টেলিফোনিক বার্তালাপ – এনেকুৱা কৰিলে কেনেকুৱা হয়, এইটো চৰিত্রই এনেকৈ কথা পাতিব, ঘটনাৰ ক্রম কি হ’ব ইত্যাদি ইত্যাদি । লগত ঝুলন দাইও যোগ দিলে। দিল্লীৰ পৰা মই নিজে লিখা দৃশ্যবোৰ মেইল কৰি হিমজ্যোতিলৈ পঠিয়াও আৰু গুৱাহাটীত হিমজ্যোতি আৰু ঝুলন দা বহি সেইবোৰ সম্পাদনা কৰে, লগত তেওঁলোকে লিখা দৃশ্যবোৰ যোগ দিয়ে। সেইবোৰ মোলৈ পঠিয়ায়, মই নতুনকৈ লিখো, আকৌ পঠিয়াও, তেওঁলোকে আকৌ কটা-কটি কৰে আৰু নতুন বস্তু সংযোগ কৰে। যিহেতু কাহিনীটো হিমজ্যোতিৰ আৰু পৰিচালকো সি নিজে গতিকে চিত্রনাট্য আৰু সংলাপ তাৰ কল্পনা অনুসৰি হোৱাটো বৰ জৰুৰী। এনেকৈ আমাৰ লিখা, কটাকটি, আকৌ লিখা, কটাকটি আৰু নতুনকৈ লিখাৰ মাজেৰেই ‘কেলেণ্ডাৰ’ৰ চিত্রনাট্যখন হৈ উঠিছিল। চিনেমাখনৰ নামটোও এইখিনি সময়তে হিমজ্যোতিয়ে ঠিক কৰিছিল। মই কেইটামান বৰ ‘অর্ডিনেৰী’ নামৰ কথা কৈছিলো। ভাগ্য ভাল যে হিমজ্যোতিয়ে সেইকেইটা নামৰ কথা নাভাৱিলে! হিমজ্যোতিয়ে আৰু এটা ভাল কাম কৰিলে যে মই মনলৈ যি আহে তাকে লিখি যোৱাৰ দৰে লিখা কেইবাটাও দৃশ্য আৰু কিছুমান সংলাপ চিত্রনাট্যত নাৰাখিলে বা সম্পাদনা কৰি অন্য ৰূপত ব্যৱহাৰ কৰিলে। যাৰ ফলত চিত্রনাট্যখন মেদহীন হৈছে বুলি মোৰ ভাৱ হয় । তাৰ বাবে হিমজ্যোতিৰ ‘ক্ষুৰ’খনক ধন্যবাদ।

দৃশ্যগ্রহণ শেষ হোৱাৰ পাছত আৰু চিনেমাৰ সম্পাদনা আৰম্ভ হোৱাৰ পৰাই হিমজ্যোতিক মই সুধি থাকো ‘হৌৰা, কেনেকুৱা হৈছে হা?’ সি কয় ‘এতিয়ালৈকেতো ভালেই লাগি আছে, জানো কি হয়!’ । মাজতে এবাৰ ঘৰলৈ যাওঁতে ‘ৰাফ কাট’ এটা চাইছিলো যদিও সংগীত আৰু শব্দৰ সৈতেহে আচল ৰূপটো গম পোৱা হ’ব বুলি আমি আলোচনা কৰিছিলো। সেই সময়তে হিমজ্যোতিৰ দাবী মতে মই ‘কেলেণ্ডাৰ’ৰ বাবে গান এটাও লিখিব লগীয়া হ’ল। গান লিখা কামটো মই প্রায়েই এৰাই চলিবলৈ চেষ্টা কৰো। তাৰো কিছুমান গোপন ‘কাৰিকৰী’ কাৰণ আছে যিটো এনেকৈ ক’ব নোৱাৰি। কিন্তু হিমজ্যোতিৰ কথা এৰাব নোৱাৰি মই গানটো লিখিব লগা হ’ল । হিমজ্যোতি, ঝুলন দা আৰু তৰালি বাই ভাল লগা বুলিয়ে ক’লে। তথাপি খু-দুৱনি এটা আছিল চিনেমাখনত কেনেকুৱা লাগিব বুলি!

মোৰ এই সকলো উৎসুকতা সিদিনা ‘কেলেণ্ডাৰ’ অনানুষ্ঠানিকভাৱে চোৱাৰ পাছত দূৰ হ’ল। হিমজ্যোতিয়ে প্রথম কাহিনীটো কওঁতে মই যিদৰে মনতে ছবিখন দেখিছিলো ঠিক তেনেকুৱাই হৈছে ‘কেলেণ্ডাৰ’। ক’ৰবাত তাতকৈও ভাল লগাহে হৈছে। হিমজ্যোতিকে ধৰি বাকীসকল সদস্যও ‘কেলেণ্ডাৰ’ক লৈ সন্তুষ্ট যে ভৱাৰ দৰেই চিনেমাখন হৈ উঠিছে।

‘কেলেণ্ডাৰ’ৰ কাহিনীটো কোনো অসাধাৰণ মানুহৰ বিশেষ কাহিনী নহয় । ইয়াৰ চৰিত্রবোৰ আমি প্রায়ে দেখি থকা কিছুমান সাধাৰণ মানুহ, আৰু ‘কেলেণ্ডাৰ’ তেওঁলোকৰ জীৱনৰ সাধাৰণ কাহিনী । হয়তো কোনোটো চৰিত্রত অংশ বিশেষে আমি নিজকো বিচাৰি পাম । যিটো বিষয় বা সমস্যাক লৈ ‘কেলেণ্ডাৰ’ৰ কাহিনীটো আগবাঢ়ে সেয়া আজিৰ তাৰিখত বহু মানুহে সন্মুখীন হোৱা এটা বাস্তৱ সমস্যা আৰু কিন্তু ইয়াক লৈ ‘কেলেণ্ডাৰ’ৰ যি বক্তব্য সেই বক্তব্যটো মোৰ বোধেৰে বহুতে আশা নকৰা ধৰণৰ। কিন্তু পৰিস্থিতি সাপেক্ষে এই বক্তব্য ‘কেলেণ্ডাৰ’ৰ মূল চৰিত্রৰ বাবে উচিত আৰু শুদ্ধ ।

এতিয়া কি এই কাহিনী আৰু ‘কেলেণ্ডাৰ’ৰ বক্তব্য কি সেয়া জানিবলৈ ৰাইজে ‘কেলেণ্ডাৰ’ চাব লাগিব। অহা ফেব্রুৱাৰী মাহত ‘কেলেণ্ডাৰ’ চিত্রগৃহত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে । কেৱল অসমীয়া চিনেমা বুলি নহয় অন্য ভাষাৰ অন্য এখন ভাল লগা চিনেমাৰ দৰেই ‘কেলেণ্ডাৰ’ চাইও দর্শকে ভাল পাব বুলি আমি আশাবাদী।